ফকছ নাট পুদিং (মাকহানা খিৰ) ফৰ ফাস্টিং/Fox Nut Pudding For Fasting/vibsk-40
উপকৰণ | যুখ | ||
1. | ফকছ নাটছ (মাকখানা / পদুম ফুলৰ গুটি) | : | ১ বাতি
|
2. | গাখীৰ | : | ১ লিটাৰ |
3. | চেনি | : | সুবাদ অনুযায়ী |
4. | আলমন্ড | : | ১৫- ২০ (সৰু টুকুৰা) |
5. | পিছতাকিয়া | : | ২০ গ্রাম (সৰু টুকুৰা) |
6. | কাজু | : | ১৫ -২০ (সৰু টুকুৰা) |
7. | ঘিউ | : | ২ চাহ চামুচ |
প্রণালী :
1. ঘিউ এখন কেৰাহীত দি মধমিয়া জুঁই কৰক
2. এতিয়া ফকছ নাটছ দি অলপ ভাজক
3. ফকছ নাটছ ভজা হলে, তাত গাখীৰ দিয়ক,জুঁই বঢ়াই গাখীৰ উতলিবলৈ দিয়ক
4. জুঁই কমাই দিয়ক আৰু গাখীৰ ডাঠ হবলৈ দিয়ক, মাজে মাজে লৰাই থাকক
5. উতলাই থাকুটে এটা ডাঠ তৰপ গাখীৰৰ কেৰাহীৰ কাসত লাগি ধৰিব, হেই খিনি অতৰাই আকৌ গাখীৰৰ লগত মিহলাই দিয়ক
6. এতিয়া কাজু আৰু আলমন্ড দি গাখীৰ খিনি আৰু ডাঠ হবলৈ দিয়ক
7. যেতিয়া গাখীৰ কমি কমি যাব তাত চেনি দি লৰাওক আৰু ৫ মিনিট লৈকে ৰাখক,তাৰ পাছত জুঁই পৰা নমাই দিয়ক
8. ফকছ নাটছ পুদিং (মাকখানা খিৰ) উপবাসৰ কাৰণে সাজু
9. পিছতাকিয়া দি সোজাই দিয়ক
গৰম বা ঠান্দা,দুই ধৰণে খাবলৈ ভাল
Watch video here: