এগ ডিলাইট /Egg Delight/vibsk-30
উপকৰণ | যুখ | ||
1. | সিজুয়া কনি | : | ৪ |
2. | সেউজীয়া জলকীয়া | : | ৩-৪ ( মিহিকে কুটা) |
3. | পিয়াজ | : | ২ মাধ্যম ( মিহিকে কুটা) |
4. | সিমলা জলকীয়া (ৰঙা,সেউজীয়া,সালদিয়া) | : | ১ তা পটেকৰ ( মিহিকে কুটা) |
5. | বিলাহী | : | ২ তা (সৰু সমানকৈ কুটা) |
6. | মাছৰুম | : | ৫- ৬ (সৰুকে কুটা) |
7. | ধনিয়া পাট | : | ১ তা (সৰু মুঠি ) |
8. | স্প্রিঙ অনিয়ন | : | ২ তা ( মিহিকে কুটা) |
9. | হালধি | : | ১/২ চাহ চামুচ |
10. | ৰঙা জলকীয়া গুৰি | : | ১ চাহ চামুচ |
11. | নিমখ | : | সুবাদ অনুযায়ী |
12. | তেল | : | ১ ১/২ টেবুল চামুচ |
প্রণালী:
- কেৰাহীত তেল গৰম কৰি কতা পিয়াজ খিনি দিয়ক
- পিয়াজ ভজা হলে তাত সেউজীয়া জলকীয়া,হালধি, নিমখ আৰু ৰঙা জলকীয়া গুৰি দি লৰাওক
- পিয়াজ আৰু মছলা খিনি ভজাৰ পিছত জুঁই বঢ়াই তাত মাছৰুম খিনি দি লৰাওক আৰু সিমলা জলকীয়া দিয়ক
- পাচলি খিনি মচমচীয়া কৈ ভাজক জুঁই বঢ়াই ঢাকনা নিদিয়া কৈ ভাজক
- ৩-৪ মিনিট ভজাৰ পিছত তাত স্প্রিঙ অনিয়ন দিয়ক
- অলপ স্প্রিঙ অনিয়ন সোজাবলৈ অতৰাই থওক
- ২ মিনিটৰ পিছত তাত বিলাহী দি জুঁই বঢ়াই ভালকে ভাজক
- এতিয়া সিজুবা কনি কেৰাহীত দি ৪-৫ মিনিট লেকে ভাজক
- জুঁই পৰা নমাই স্প্রিঙ অনিয়ন আৰু ধনিয়া পাট দি সজাই দিয়ক
কনি কেটা আধা কৰক নহলে টুকুৰা কৰি গৰম গৰম খাওক ৰেচিপি ইন আছামিজ হেপি কুকিং
Watch video here:
Recipe Step By Step With Pics:
Step-1
-
Heat oil in a pan and add finely chopped onions to it.